আমাৰ পৃথিৱী (Our Earth) Class 6 - SCERT
অনুশীলনী - ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -
(ক) সূৰ্যৰ পৰিয়ালটোৰ নাম কি ?
উত্তৰ: সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত।
(খ) পৃথিৱীৰ উত্তৰপগ্ৰহটোৰ নাম লিখা ?
উত্তৰ: পৃথিৱীৰ উত্তৰপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ।
২. সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা।
উত্তৰ:
১) বুধ
২) শুক্ৰ
৩) পৃথিৱী
৪) মঙ্গল
৫) বৃহস্পতি
৬) শনি
৭) ইউত্তৰৰেনাছ
৮) নেপচুন
৩. চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ’লেও পৃথিৱীৰপৰা দুয়োটাকে কিয় সমান দেখি ?
উত্তৰ: চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও ই পৃথিৱীৰ যথেষ্ট ওচৰত আছে, সেয়েহে চন্দ্ৰ আৰু সূৰ্যক পৃথিৱীৰ পৰা আকাৰত প্ৰায় সমান দেখি।
অনুশীলনী - ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -
(ক) বৃহৎ পৃথিৱীৰ ক্ষুদ্র আৰ্হিটো কি ?
উত্তৰ: বৃহৎ পৃথিৱীৰ ক্ষুদ্র আৰ্হিটো হৈছে গোলক।
(খ) পৃথিৱীৰ পৰিধি কিমান ?
উত্তৰ: পৃথিৱীৰ পৰিধি প্ৰায় ৪০,০০০ কি:মি:।
(গ) পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে ?
উত্তৰ: পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূৱ দিশলৈ ঘূৰে।
(ঘ) পৃথিৱীৰ মেৰুদণ্ড কাক বোলে ?
উত্তৰ: পৃথিৱীৰ দুই মেৰু (উত্তৰ মেৰু আৰু দক্ষিণ মেৰু) সংযোগী কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।
২. পৃথিৱীৰ দুই মেৰু আৰু বিষুৱৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা ।
উত্তৰ:
অনুশীলনী - ৩
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -
(ক) অক্ষৰেখা কাক বোলে ?
উত্তৰ: বিষুৱৰেখাৰ সমান্তৰালকৈ পূব-পশ্চিমাকৈ কল্পনা কৰা কাল্পনিক বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে।
(খ) বিষুৱৰেখাৰ কৌণিক মান কিমান ?
উত্তৰ: বিষুৱৰেখাৰ কৌণিক মান ০ ডিগ্ৰি।
(গ) সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান ?
উত্তৰ: সুমেৰু আৰু কুমেৰুৰ কৌণিক মান প্ৰায় ক্ৰমে 90 ডিগ্ৰি উত্তৰ আৰু 90 ডিগ্ৰি দক্ষিণ।
২. বিষুৱৰেখাৰ বিষয়ে বৰ্ণনা কৰা -
উত্তৰ: পৃথিৱীৰ দুই মেৰু (উত্তৰ মেৰু আৰু দক্ষিণ মেৰু) সমদূৰত পূৱ-পশ্চিমাকৈ এডাল কাল্পনিক ৰেখা অংকন কৰা হৈছে, সেইডাল ৰেখাকে বিষুৱৰেখা বোলে। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ নামৰ দুটা সমান খণ্ডত বিভক্ত কৰে।
বিষুৱৰেখাৰ অক্ষাংশ ০°। বিষুৱৰেখাৰ ওচৰৰ অঞ্চলসমূহে বছৰটোৰ ভিতৰতে প্ৰত্যক্ষ সূৰ্যৰ পোহৰ লাভ কৰে, গতিকে ইয়াৰ জলবায়ু সাধাৰণতে গৰম।
৩. এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা ।
উত্তৰ:
অনুশীলনী - ৪
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -
(ক) দ্ৰাঘিমাৰেখা কাক বোলে ?
উত্তৰ: উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ অংকন কৰা অৰ্দ্ধবৃত্ত কাল্পনিক ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলে।
(খ) দ্ৰাঘিমাংশ কি ?
উত্তৰ: দ্ৰাঘিমাৰেখাৰ কৌণিক মান বা জোখক দ্ৰাঘিমাংশ বোলে।
(গ) পৃথিৱীৰ পূব আৰু পশ্চিম - এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমাৰেখা কল্পনা কৰা হৈছে?
উত্তৰ: পৃথিৱীৰ পূব আৰু পশ্চিম - এই দুয়ো দিশে মুঠ ৩৬০ ডাল দ্ৰাঘিমাৰেখা কল্পনা কৰা হৈছে।
(ঘ) মুখ্য দ্ৰাঘিমাৰেখা কাক বোলে?
উত্তৰ: লণ্ডনৰ গ্ৰীনউত্তৰইচ মানমন্দিৰৰ ওপৰেদি যোৱা দ্ৰাঘিমাৰেখাডালকে মুখ্য দ্ৰাঘিমাৰেখা বোলে।
২. দ্ৰাঘিমাৰেখাৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰ: দ্ৰাঘিমাৰেখা হ’ল উত্তৰ-দক্ষিণ মূৱাকৈ বিস্তৃত হৈ থকা অৰ্দ্ধবৃত্তাকাৰ কাল্পনিক ৰেখা। মুখ্য দ্ৰাঘিমাৰেখাডালে পৃথিৱীখনক পূবা-পশ্চিমাকৈ ২টা সমান গোলাৰ্দ্ধত ভাগ কৰে।
দ্ৰাঘিমাৰেখাৰ কৌণিক জোখক দ্ৰাঘিমাংশ বোলে আৰু ইয়াৰ সহায়তে আমি কোনো এখন ঠাই পূব বা পশ্চিম দিশে ক’ত আছে, তাক সঠিককৈ নিৰ্দ্ধাৰণ কৰিব পাৰো। মুঠ দ্ৰাঘিমাৰেখাৰ সংখ্যা হ’ল ৩৬০ ডাল।
৩. অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মাজৰ পাৰ্থক্য লিখা ।
উত্তৰ:
| অক্ষৰেখা | দ্ৰাঘিমাৰেখা |
|---|---|
| অক্ষৰেখা পূব–পশ্চিমাকৈ থাকে | দ্ৰাঘিমাৰেখা উত্তৰ–দক্ষিণাকৈ থাকে |
| অক্ষৰেখাই কোনো এখন ঠাই পৃথিৱীৰ উত্তৰ বা দক্ষিণ দিশত ক’ত আছে তাক সূচায় | দ্ৰাঘিমাৰেখাই কোনো এখন ঠাই পূব বা পশ্চিম দিশে ক’ত আছে তাক সূচায় |
| মুঠ অক্ষৰেখাৰ সংখ্যা হ’ল ১৮১ ডাল | মুঠ দ্ৰাঘিমাৰেখাৰ সংখ্যা হ’ল ৩৬০ ডাল |
অনুশীলনী - ৫
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -
(ক) NASA ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰ: NASA ৰ সম্পূৰ্ণ ৰূপটো হ’ল National Aeronautics and Space Administration
(খ) সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ?
উত্তৰ: সূৰ্যই হাটিপতি তাৰকাৰাজ্য (Milki Way Galaxy) ৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।
(গ) পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে ?
উত্তৰ: পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ প্ৰায় ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লাগে।
(ঘ) অপসূৰ আৰু অনুসূৰ কাক বোলে ?
উত্তৰ: পৃৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোতে ৪ জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অবস্থান কৰে, এই অৱস্থানকে পৃথিৱীৰ অপসূৰ বোলে। আনহাতে, ৩ জানুৱাৰীৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ ওচৰত অবস্থান কৰে, এই অৱস্থানক অনুসূৰ বোলে।
(ঙ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ?
উত্তৰ: পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৫৬ মিণিট ১৬ ছেকেণ্ড লাগে।
২. আহ্নিক গতি কাক বোলে ? ইয়াৰ দুটা ফলাফল লিখা ।
উত্তৰ: পৃৰ্থিৱীয়ে নিজৰ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ ২৪ ঘণ্টা সময়ত এপাক সম্পূৰ্ণ কৰে। এই ঘূৰ্ণনকেই আহ্নিক গতি বুলি কোৱা হয়।
ইয়াৰ ২টা ফলাফল -
- আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয় ।
- আহ্নিক গতিৰ ফলত পৃথিৱীৰ ভূ-পৃষ্ঠৰ ভিন্-ভিন্ ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয় ।
৩. বার্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা ।
উত্তৰ: পৃথিৱীয়ে নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে প্ৰায় ৩৬৫ দিন আৰু ৬ ঘণ্টা সময়ত সম্পূৰ্ণ এটা পাক শেষ কৰে। এই গতিকেই বার্ষিক গতি বুলি জনা যায়।
ইয়াৰ ২টা ফলাফল -
- বার্ষিক গতিৰ ফলত মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয় ।
- বার্ষিক গতিৰ ফলত সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয় ।
৪. পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন-ৰাতি নহয় ?
উত্তৰ: পৃথিৱীৰ আকাৰ গোলাকাৰ আৰু পৃথিৱীয়ে নিজ কক্ষপথত পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থাকে । গতিকে, পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে, সেইফালে দিন হৈ থাকে, আনহাতে যিটো ফাল সূৰ্যৰ বিপৰীতফালে থাকে সেইটো ফালে ৰাতি হৈ থাকে । সেয়েহে, পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন-ৰাতি নহয় ।