সংখ্যা প্ৰণালী - নৱম শ্ৰেণী (গণিত)
অনুশীলনী @1.1@
1. শূন্যটো পৰিমেয় সংখ্যা হ’য়নে? ইয়াক @\frac{p}{q}@ আৰ্হিত (ইয়াত @p, q@ অখণ্ড সংখ্যা আৰু @q \ne 0@) প্ৰকাশ কৰিব পাৰিনে?
@\underline{\text{উত্তৰ}}:@
শূন্যক @\frac{0}{1}@ বুলিও লিখিব পাৰি।
ইয়াত, @p = 0,\; q = 1,\; q \ne 0@
@\therefore@, শূন্য এটা পৰিমেয় সংখ্যা।
2. @3@ আৰু @4@ ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা।
@\underline{\text{সমাধান}}:@
@3 = \frac{3}{1}, \quad 4 = \frac{4}{1}@
এতিয়া, @\frac{3}{1} = \frac{3 \times 7}{1 \times 7} = \frac{21}{7}@ আৰু @\frac{4}{1} = \frac{4 \times 7}{1 \times 7} = \frac{28}{7}@
@3@ আৰু @4@ ৰ মাজৰ ছটা পৰিমেয় সংখ্যা হ’ল —
@\frac{22}{7},\; \frac{23}{7},\; \frac{24}{7},\; \frac{25}{7},\; \frac{26}{7},\; \frac{27}{7}@
3. @\frac{3}{5}@ আৰু @\frac{4}{5}@ ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা।
@\underline{\text{সমাধান}}:@
@ \begin{align} \frac{3}{5} = \frac{3 \times 6}{5 \times 6} = \frac{18}{30} \\ \frac{4}{5} = \frac{4 \times 6}{5 \times 6} = \frac{24}{30} \end{align} @
@\therefore@ @\frac{3}{5}@ আৰু @\frac{4}{5}@ ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ’ল — @\frac{19}{30},\; \frac{20}{30},\; \frac{21}{30},\; \frac{22}{30},\; \frac{23}{30}@
4. তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা ।
(i) প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা।
@\underline{\text{উত্তৰ}}:@ সঁচা
@\underline{\text{যুক্তি}}:@ @0@ আৰু স্ৱাভাৱিক সংখ্যাসমূহৰ সমষ্টিয়েই হ’ল পূৰ্ণ সংখ্যা। @\therefore@ প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা।
(ii) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা।
@\underline{\text{উত্তৰ}}:@ মিছা
@\underline{\text{যুক্তি}}:@ অখণ্ড সংখ্যাৰ ঋণাত্মক সংখ্যাসমূহ পূৰ্ণ সংখ্যা নহয়।
(iii) প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা।
@\underline{\text{উত্তৰ}}:@ মিছা
@\underline{\text{যুক্তি}}:@ পৰিমেয় সংখ্যাত ভগ্নাংশবোৰো অন্তৰ্ভুক্ত। কিন্তু পূৰ্ণ সংখ্যাত ভগ্নাংশ নাথাকে।
অনুশীলনী 1.2
1. তলৰ উক্তিসমূহ সত্য নে অসত্য উল্লেখ কৰা । তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা।
(i) প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা।
উত্তৰ: সত্য
যুক্তি: প্ৰতিটো অপৰিমেয় সংখ্যাকে সংখ্যাৰেখাত উপস্থাপন কৰিব পাৰি, সেয়ে প্ৰতিটো অপৰিমেয় সংখ্যাই একো একোটা বাস্তৱ সংখ্যা।
(ii) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱেই @\sqrt{m}@ আৰ্হিৰ, য’ত @m@ এটা স্বাভাৱিক সংখ্যা।
উত্তৰ: অসত্য
যুক্তি: সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুক @\sqrt{m}@ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি।
উদাহৰণস্বৰূপে, @\frac{1}{2},\; \frac{3}{4}@
এইবোৰ সংখ্যা @\sqrt{m}@ আৰ্হিত নহয়।
(iii) প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা।
উত্তৰ: অসত্য
যুক্তি: বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুয়ো ধৰণৰ সংখ্যা অন্তৰ্ভুক্ত থাকে।
উদাহৰণস্বৰূপে, @2, \; \frac{3}{5}@ এইবোৰ বাস্তৱ সংখ্যা হলেও অপৰিমেয় নহয়।
2. সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয়, তেনেহ’লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা।
উত্তৰ: নহয়, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। উদাহৰণস্বৰূপে, \( \sqrt{4} = 2 \) যিটো এটা পৰিমেয় সংখ্যা।
3. সংখ্যাৰেখাত কিদৰে @\sqrt{5}@ ক সূচিত কৰিব পাৰি দেখুওৱা।
সমাধান:
অনুশীলনী 1.3
1. তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা ।
(i) @\frac{36}{100}@
@\frac{36}{100} = 0.36@
উত্তৰ: পৰিসমাপ্ত
(ii) @\frac{1}{11}@
@\frac{1}{11} = 0.090909\ldots@
উত্তৰ: অবিৰত পুনৰাৱৰ্তিত
(iii) @4\frac{1}{8}@
@4\frac{1}{8} = 4 + \frac{1}{8} = 4.125@
উত্তৰ: পৰিসমাপ্ত
(iv) @\frac{3}{13}@
@\frac{3}{13} = 0.230769\ldots@
উত্তৰ: অবিৰত পুনৰাৱৰ্তিত
(v) @\frac{2}{11}@
@\frac{2}{11} = 0.181818\ldots@
উত্তৰ: অবিৰত পুনৰাৱৰ্তিত
(vi) @\frac{329}{400}@
@\frac{329}{400} = 0.8225@
উত্তৰ: পৰিসমাপ্ত
2. তোমালোকে জানা যে @\frac{1}{7} = \overline{0.142857}@। দীঘলীয়া হৰণ নকৰাকৈ @\frac{2}{7}, \frac{3}{7}, \frac{4}{7}, \frac{5}{7}, \frac{6}{7}@ ৰ দশমিক বিস্তৃতি কি হ’ব ধাৰণা কৰিব পাৰিবানে ? যদি পাৰিবা কেনেকৈ ? (ইংগিত: @\frac{1}{7}@ ৰ মান উলিয়াঁওতে পোৱা ভাগশেষবোৰ লক্ষ্য কৰা ।)
@\underline{\text{সমাধান:}}@
এই সকলো দশমিক বিস্তৃতিত 142857 সংখ্যাৰ পুনৰাবৃত্তি দেখা যায়।
3. তলত দিয়াবিলাক @\frac{p}{q}@ আৰ্হিত প্ৰকাশ কৰা, য’ত @p@ আৰু @q@ অখণ্ড সংখ্যা আৰু @q \ne 0@
@(i) 0.\bar{6}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.6666\ldots@
@\therefore 10x = 6.6666\ldots@
@ \begin{align} & \text{এতিয়া,} \; 10x - x = 6.6666\ldots - 0.6666\ldots \\ & \Rightarrow 9x = 6 \\ & \Rightarrow x = \frac{6}{9} = \frac{2}{3} \end{align} @
@(ii) 0.4\bar{7}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.4777\ldots@
@\therefore 10x = 4.777\ldots@
@ \begin{align} & \text{এতিয়া,} \; 10x - x = 4.777\ldots - 0.4777\ldots \\ & \Rightarrow 9x = 4.3 \\ & \Rightarrow x = \frac{4.3}{9} = \frac{43}{90} \end{align} @
@(iii) 0.\overline{001}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.001001001\ldots@
@\therefore 1000x = 1.001001001\ldots@
@ \begin{align} & \text{এতিয়া,} \; 1000x - x = 1.001\ldots - 0.001\ldots \\ & \Rightarrow 999x = 1 \\ & \Rightarrow x = \frac{1}{999} \end{align} @
@(iv) 0.\overline{54}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.545454\ldots@
@\therefore 100x = 54.545454\ldots@
@ \begin{align} & \text{এতিয়া,} \; 100x - x = 54.545454\ldots - 0.545454\ldots \\ & \Rightarrow 99x = 54 \\ & \Rightarrow x = \frac{54}{99} = \frac{6}{11} \end{align} @
@(v) 0.5\bar{9}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.5999\ldots@
@\therefore 10x = 5.999\ldots@
আৰু @100x = 59.999\ldots@
@ \begin{align} & \text{এতিয়া,} \; 100x - 10x = 59.999\ldots - 5.999\ldots \\ & \Rightarrow 90x = 54 \\ & \Rightarrow x = \frac{54}{90} = \frac{6}{10} \end{align} @
@(vi) 0.3\overline{45}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.3454545\ldots@
@\therefore 10x = 3.454545\ldots@
@1000x = 345.4545\ldots@
@ \begin{align} & \text{এতিয়া,} \; 1000x - 10x = 345.4545\ldots - 3.454545\ldots \\ & \Rightarrow 990x = 342 \\ & \Rightarrow x = \frac{342}{990} = \frac{69}{200} \end{align} @
@(vii) 32.12\overline{35}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 32.12353535\ldots@
@\therefore 100x = 3212.353535\ldots@
@10000x = 321235.353535\ldots@
@ \begin{align} & \text{এতিয়া,} \; 10000x - 100x = 321235.353535\ldots - 3212.353535\ldots \\ & \Rightarrow 9900x = 321235 \\ & \Rightarrow x = \frac{321235}{9900} \end{align} @
@(viii) 0.3\bar{7}@
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.3777\ldots@
@\therefore 10x = 3.777\ldots@
@ \begin{align} & \text{এতিয়া,} \; 10x - x = 3.7\ldots - 0.3\ldots \\ & \Rightarrow 9x = 3.7 \\ & \Rightarrow x = \frac{3.7}{9} \end{align} @
4. @0.99999\ldots@ ক @\frac{p}{q}@ আৰ্হিত প্ৰকাশ কৰা । তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা ।
@\underline{\text{সমাধান:}}@
ধৰা হ’ল,
@x = 0.99999\ldots@
@10x = 9.9999\ldots@
এতিয়া,
@
\begin{align}
& \text{এতিয়া,} \; 10x - x = 9.9999\ldots - 0.9999\ldots \\
& \Rightarrow 9x = 9 \\
& \Rightarrow x = 1
\end{align}
@
যিহেতু, @0.9999\ldots \approx 1@ সেয়ে, @x = 1@ পোৱাতো স্ৱাভাৱিক ।
5. @\frac{1}{17}@ ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বণ কৰি উত্তৰৰ সত্যতা প্ৰমাণ কৰা।
@\underline{\text{সমাধান:}}@
6. যদি @p@ আৰু @q@ অখণ্ড সংখ্যা যাৰ @1@ ৰ বাহিৰে সাধাৰণ উৎপাদক নাই, তেনেহ’লে @\frac{p}{q} (q \ne 0)@ আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা । @q@ য়ে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে ?
@\underline{\text{উত্তৰ:}}@
ইয়াত, হৰ অৰ্থাৎ @q = 2^m \times 5^n@ আৰ্হিৰ; য’ত @m@ আৰু @n@ পূৰ্ণ সংখ্যা, সেইবাবে এইবোৰ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।
7. তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত (অপৰিসমাপ্ত আৰু অপৌন:পুনিক)।
@\underline{\text{উত্তৰ:}} \; \sqrt{2}, \sqrt{3}, \sqrt{5}@
8. @\frac{5}{7} \text{আৰু} \frac{9}{11}@ ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা।
@\underline{\text{সমাধান:}}@
@ \begin{align} & \frac{5}{7} = 0.714285714285\ldots = 0.\overline{714285} \\ & \frac{9}{11} = 0.818181\ldots = 0.\overline{81} \end{align} @
এতিয়া, @\frac{5}{7}@ আৰু @\frac{9}{11}@ ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা হ’ল-
@0.720722072220\ldots, 0.730733073330\ldots 0.740744074440\ldots@
9. তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় সংখ্যা হিচাপে শ্ৰেণী বিভক্ত কৰা ।
@\underline{\text{উত্তৰ:}}@
| পৰিমেয় সংখ্যা | অপৰিমেয় সংখ্যা |
|---|---|
| @\sqrt{225}@ | @\sqrt{23}@ |
| @0.3796@ | @1.101001000100001\ldots@ |
| @7.478478\ldots@ | — |
অনুশীলনী 1.4
1. ক্ৰমাগত পৰিৱৰ্ধনৰ সহায়ত @3.765@ সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন কৰা ।
@\underline{\text{সমাধান:}}@
2. @4.2\bar{6}@ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাৰেখাত দেখুওৱা।
সমাধান:
অনুশীলনী 1.5
1. তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা।
@\underline{\text{উত্তৰ:}}@
| পৰিমেয় | অপৰিমেয় |
|---|---|
| @3 + (\sqrt{23} - \sqrt{23})@ | @2 - \sqrt{5}@ |
| @\frac{2\sqrt{7}}{7\sqrt{7}}@ | @\frac{1}{\sqrt{2}}@ |
| — | @2\pi@ |
2. তলৰ প্ৰতিটো ৰাশি সৰল কৰা ।
@\underline{\text{সমাধান:}}@
3. মনত পেলোৱা যে @\pi@ ৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি (ধৰা @c@) আৰু সেই বৃত্তৰ ব্যাস (ধৰা @d@) ৰ অনুপাত বুলি কোৱা হৈছিল । অৰ্থাৎ @\pi = \frac{c}{d}@। দেখা গৈছে যে, এই কথাই @\pi@ যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে । এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা ?
@\underline{\text{উত্তৰ:}}@
@\pi@ ক এটা বৃত্তৰ পৰিধি @c@ আৰু ব্যাস @d@ ৰ অনুপাত হিচাপে প্ৰকাশ কৰা হয়। অৰ্থাৎ, @\pi = \frac{c}{d}@।
প্ৰথম দৃষ্টিত, এই কথাটোৱে @\pi@ যে এটা অপৰিমেয় সংখ্যা, সেই তথ্যৰ বিৰোধিতা কৰা যেন লাগিব পাৰে । কিন্তু, এই বিৰোধিতাটোৱে এটা ভুল ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে। সেইটো হৈছে যে, আমি @\frac{c}{d}@ ৰ মানটো আনুমাণিক দশমিক স্থানলৈকেহে নিৰ্ণয় কৰিব পাৰোঁ, কাৰণ, স্কেল বা আন কোনো যন্ত্ৰৰ দ্বাৰা @c@ বা @d@ ৰ সঠিক মানটো নিৰ্ণয় কৰিব নোৱাৰি। কিন্তু, @\frac{c}{d}@ ৰ সঠিক মানটো এটা অপৰিমেয় সংখ্যা।
4. সংখ্যা ৰেখাৰ ওপৰত @\sqrt{9.3}@ ক স্থাপন কৰা ।
@\underline{\text{উত্তৰ:}}@
5. তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা ।
@\underline{\text{সমাধান:}}@
6. (i) যদি @x = 1 + \sqrt{2}@ তেন্তে দেখুওৱা যে @(x - \frac{1}{x})^3 = 8@
দিয়া আছে, @x = 1 + \sqrt{2}@
@ \begin{align} \text{এতিয়া,} \; & (x - \frac{1}{x})^3 \\ = & \; (\frac{x^2 - 1}{x})^3 \\ = & \; \left(\frac{(1 + \sqrt{2})^2 - 1}{1 + \sqrt{2}}\right)^3 \\ = & \; \left(\frac{1 + 2\sqrt{2} + 2 - 1}{1 + \sqrt{2}}\right)^3 \\ = & \; \left(\frac{2 + 2\sqrt{2}}{1 + \sqrt{2}}\right)^3 \\ = & \; \left(\frac{2 \times \cancel{(1 + \sqrt{2})}}{\cancel{1 + \sqrt{2}}}\right)^3 \\ = & \; 2^3 \\ = & \; 8 \end{align} @
(ii) সৰল কৰা : @\frac{1}{1 + \sqrt{2}} + \frac{1}{\sqrt{2} + \sqrt{3}} + \frac{1}{\sqrt{3} + \sqrt{4}}@
@\underline{\text{সমাধান:}}@
(iii) @1.2\bar{7}@ আৰু @0.1\bar{3}@ পৰিমেয় সংখ্যা দুটা যোগ কৰা ।
@\underline{\text{সমাধান:}}@
অনুশীলনী 1.6
1. মান উলিওৱা :
@\underline{\text{সমাধান:}}@
2. মান উলিওৱা :
@ \underline{\text{সমাধান:}} @
3. সৰল কৰা :
@\underline{\text{সমাধান:}}@
