পুনৰালোচনা - নৱম শ্ৰেণী (গণিত)
অনুশীলনী R-1:
1. বৰ্গমূলৰ দ্ৱাৰা @\sqrt{2}@ ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা।
@\underline{Solution}:@
আমি জানো @1^2 = 1@ আৰু @2^2 = 4@ গতিকে, @\sqrt{2}@, @1@ আৰু @2@ ৰ মাজত থাকিব।
@1.4^2 = 1.96@; @1.5^2 = 2.25@ গতিকে, @\sqrt{2}@, @1.4@ আৰু @1.5@ ৰ মাজত থাকিব।
@1.41^2 = 1.9881@; @1.42^2 = 2.0164@ গতিকে, @\sqrt{2}@, @1.41@ আৰু @1.42@ ৰ মাজত থাকিব।
@1.414^2 = 1.999396@; @1.415^2 = 2.002225@ গতিকে, @\sqrt{2}@, @1.414@ আৰু @1.415@ ৰ মাজত থাকিব।
@2@ আৰু @1.999396@ ৰ মাজত থাকিব। গতিকে, @\sqrt{2}@, @1.414@ আৰু @1.415@ ৰ মাজত থাকিব।
@\therefore \sqrt{2} \approx 1.41@
2. দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়।
@\underline{Solution}:@
আমি জানো যে @\sqrt{2}@ এটা অপৰিমেয় সংখ্যা।
সেয়ে দুটা অপৰিমেয় সংখ্যা ধৰা হ’ল @\sqrt{2}@ আৰু @-\sqrt{2}@
এতিয়া সংখ্যা দুটাৰ যোগফল হ’ব @\Rightarrow@ @\sqrt{2} + (-\sqrt{2}) = 0@, @0@ এটা পৰিমেয় সংখ্যা।
আৰু পূৰণফল হ’ব @\Rightarrow@ @\sqrt{2} \times (-\sqrt{2}) = -\sqrt{4} =-2@, @-2@ এটা পৰিমেয় সংখ্যা।
@\therefore@ অপৰিমেয় সংখ্যা দুটা হ’ব @\sqrt{2}@ আৰু @-\sqrt{2}@
3. সংখ্যাৰেখাৰ সহায়ত @-5@ আৰু @5@ ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা।
@\underline{Solution}:@
@\therefore -5@ আৰু @5@ৰ মাজৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ’ব @-4, -3, -2, -1, 0, 1, 2, 3@ আৰু @4@
4. সূচক বিধি @a^m \div a^n = a^{m-n}@ অত @m=n@ লৈ প্ৰমাণ কৰা যে @a^0 = 1@
@\underline{Solution}:@
প্ৰমাণ কৰিব লাগে, @a^0 = 1@
5. সূচক বিধি @a^m \div a^n = a^{m-n}@ অত @m=0@ লৈ প্ৰমাণ কৰা @a^{-n} = \frac{1}{a^n}@
@\underline{Solution}:@
প্ৰমাণ কৰিব লাগে, @a^{-n} = \frac{1}{a^n}@
6. তলৰ যোৰৰ প্ৰত্যকৰে মৌলিক উৎপাদক উলিয়াই গ.সা.গু. আৰু ল.সা.গু. থিৰ কৰা।
@(i) \; 321, 396 \quad (ii) \; 455, 42 \quad (iii) \; 408, 170@
@\underline{Solution}:@
@(i) \; 321, 396@
@321 = 3 \times 107@
@396 = 2 \times 2 \times 3 \times 3 \times 11@
@\therefore@ গ.সা.গু. = @3@ আৰু ল.সা.গু. = @2 \times 2 \times 3 \times 3 \times 11 \times 107 = 42372@
@(ii) \; 455, 42@
@455 = 5 \times 7 \times 13@
@42 = 2 \times 3 \times 7@
@\therefore@ গ.সা.গু. = @7@ আৰু ল.সা.গু. = @2 \times 3 \times 5 \times 7 \times 13 = 2730@
@(iii) \; 408, 170@
@408 = 2 \times 2 \times 2 \times 3 \times 17@
@170 = 2 \times 5 \times 17@
@\therefore@ গ.সা.গু. = @2 \times 17 = 34@ আৰু ল.সা.গু. = @2 \times 2 \times 2 \times 3 \times 5 \times 17 = 2040@
7. @\frac{2}{11}@ আৰু @\frac{1}{6}@ ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা।
@\underline{Solution}:@
@ \frac{2}{11} = \frac{2 \times 6}{11 \times 6} = \frac{12}{66} @
@ \frac{1}{6} = \frac{1 \times 11}{6 \times 11} = \frac{11}{66} @
এতিয়া, দুয়োটা সমতুল্য ভগ্নাংশৰ হৰ আৰু লবৰ সৈতে @3@ পূৰণ কৰি পাওঁ -
@ \frac{12}{66} = \frac{12 \times 3}{66 \times 3} = \frac{36}{198} @
@ \frac{11}{66} = \frac{11 \times 3}{66 \times 3} = \frac{33}{198} @
@\therefore \frac{2}{11}@ আৰু @\frac{1}{6}@ ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হ’ল -
@ \frac{34}{198},\ \frac{35}{198} @
8. সৰল কৰা : @\sqrt{10} \times \sqrt{5}; \sqrt{2}=1.41@ হ’লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ’ব?
@\underline{Solution}:@
@ \sqrt{10} \times \sqrt{5} = \sqrt{50} = \sqrt{25 \times 2} = 5\sqrt{2} @
@\sqrt{2}=1.41@ হ’লে সংখ্যাটোৰ আসন্ন মান হ’ব
@ 5\sqrt{2} \approx 5 \times 1.41 = \boxed{7.05} @
9. @\frac{p}{q}@ আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা :
@(i) \; 0.\dot{8}\dot{1}@
ধৰা হ’ল, @ x = 0.818181\ldots \longrightarrow (1) @
@ 100x = 81.818181\ldots \longrightarrow (2) @
এতিয়া @(2)@ ৰ পৰা @(1)@ বিয়োগ কৰি পাঁও -
@(ii) \; 0.1\dot{8}@
ধৰা হ’ল, @x = 0.1888\ldots@
@ 10x = 1.888\ldots \longrightarrow (1)@
@ 100x = 18.888\ldots \longrightarrow (2)@
এতিয়া @(2)@ ৰ পৰা @(1)@ বিয়োগ কৰি পাঁও -
@(iii) \; 2.4\dot{7}@
ধৰা হ’ল, @x = 2.4777\ldots @
@ 10x = 24.777\ldots \longrightarrow (1)@
@ 100x = 247.777\ldots \longrightarrow (2)@
এতিয়া @(2)@ ৰ পৰা @(1)@ বিয়োগ কৰি পাঁও -
@(iv) \; 2.44\dot{3}\dot{1}@
ধৰা হ’ল, @x = 2.44313131...@
@ 100x = 244.313131... \longrightarrow (1)@
@ 10000x = 24431.313131... \longrightarrow (2)@
এতিয়া @(2)@ ৰ পৰা @(1)@ বিয়োগ কৰি পাঁও -
10. সৰল কৰা :
@\underline{Solution}:@
11. প্ৰমাণ কৰা যে : @\frac{1}{2 + \sqrt{3}} + \frac{2}{\sqrt{5} - \sqrt{3}} + \frac{1}{2 - \sqrt{5}} = 0@
@\underline{Solution}:@
12. @\sqrt{3} = 1.732@ আৰু @\sqrt{2} = 1.414@ ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা ।
@\underline{Solution}:@
13. হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা ।
@\underline{Solution}:@
@(i) \frac{7}{25} = \frac{7 \times 4}{25 \times 4} = \frac{28}{100} = 0.28 @
@(ii) \frac{3}{40} = \frac{3 \times 25}{40 \times 25} = \frac{75}{1000} = 0.075 @
@(iii) \frac{3}{100} = 0.03 @
@(iv) \frac{23}{5^2 \times 2^3} = \frac{23}{25 \times 8} = \frac{23}{200} = 0.115 @
@(v) \frac{14}{175} = \frac{2}{25} = \frac{8}{100} = 0.08 @
14. তলৰ শতকৰা বোৰক ভগ্নাংশত প্ৰকাশ কৰা ।
@\underline{Solution}:@
@(i) \; 53\% = 53 \times \frac{1}{100} = \frac{53}{100} @
@(ii) \; 50\% = \cancel{50} \times \frac{1}{\cancel{100_2}} = \frac{1}{2} @
@(iii) \; \frac{1}{2}\% = \frac{1}{2} \times \frac{1}{100} = \frac{1}{200} @
@(iv) \; 100\% = \cancel{100} \times \frac{1}{\cancel{100}} = 1 @
@(v) \; 0.01\% = 0.01 \times \frac{1}{100} = \frac{1}{100} \times \frac{1}{100} = \frac{1}{10000} @
15. তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা ।
@\underline{Solution}:@
@(i) \; \frac{1}{2} = \frac{1}{2} \times 100\% = 50\% @
@(ii) \; 50 = 50 \times 100\% = 5000\% @
@(iii) \; \frac{1}{4} = \frac{1}{4} \times 100\% = 25\% @
@(iv) \; \frac{3}{20} = \frac{3}{20} \times 100\% = 15\% @
@(v) \; \frac{42}{125} = \frac{42}{125} \times 100\% = 33.6\% @
@(vi) \; 0.25 = \frac{25}{100} = \frac{1}{4} = 25\% @
@(vii) \; 1.25 = \frac{125}{100} = \frac{5}{4} = 125\% @
16. কোনো এটা বস্তু @10\%@ লাভত বিক্ৰি কৰা হ’ল । তাৰ কিনাদাম আৰু বেচাদামৰ অনুপাত কি ?
@\underline{Solution}:@
ধৰা হ’ল, বস্তুটোৰ কিনাদাম = @100@ টকা
@\therefore@ বস্তুটোৰ বেচাদাম = @100 + 10 = 110@ টকা
@\therefore@ কিনাদাম : বেচাদাম = @100 : 110 = 10 : 11 @
17. @30@ টা কণীৰ কিনাদাম, @20@ টা কণীৰ বেচাদামৰ সমান । লাভৰ শতকৰা হাৰ কি ?
@\underline{Solution}:@
প্ৰশ্নমতে,
@ 30\text{CP} = 20\text{SP} @
@ \therefore\ \frac{\text{CP}}{\text{SP}} = \frac{20}{30} = \frac{2}{3} @
@ \% @ লাভ = @\frac{3-2}{2} \times 100 \% = \frac{1}{2} \times 100 \% = 50\% @
18. এটা বস্তুৰ কিনাদাম @2100@ টকা; @10\%@ লাভত বিক্ৰি হ’লে বস্তটোৰ বেচাদাম কিমান ?
@\underline{Solution}:@
বেচাদাম = @ 2100 + \frac{10}{\cancel{100}} \times \cancel{2100}^{21} = 2100 + 210 = 2310 @ টকা
19. @1@ টকাত @4@ টা নেমু কিনি @20\%@ লাভত বিক্ৰি কৰিলে । এটা নেমুৰ বিক্ৰি মূল্য কিমান হ’ব ?
@\underline{Solution}:@
@4@ টা নেমু কিনাৰ মূল্য = @1@ টকা
@\therefore@ @1@ টা নেমুৰ মূল্য = @\frac{1}{4}@ টকা
@\therefore@ @1@ টা নেমুৰ বিক্ৰি মূল্য = @\frac{1}{4} \times \frac{120}{100} = \frac{3}{10}@ টকা = @0.30@ টকা
20. এটা বস্তু @500@ টকাত বিক্ৰি কৰিলে @5\%@ লোকচান হয়। এইটো কিমান দামত বেচিলে @5\%@ লাভ হ’লহেতেন ?
@\underline{Solution}:@
আমি জানো -
@\text{CP} = (\frac{100}{100-\text{L}}) \times SP @ @\quad@ @[@ য’ত @\text{CP}@ = ক্ৰয় মূল্য, @\text{SP}@ = বিক্ৰিমূল্য আৰু @\text{L}@ = শতকৰা লোকচান @]@
@\therefore CP = 500 \times \frac{100}{100-5} = 500 \times \frac{100}{95} = 526.32 @
নতুন @ SP = 526.32 \times \frac{105}{100} = 552.63 @
অৰ্থাৎ, বস্তুটো @552.63@ টকাত বেচিলে @5\%@ লাভ হ’লহেতেন।
21. গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে @10\%@, @10\%@ আৰু @5\%@ ৰেহাই দিয়ে । তিনিওটাৰ সমতুল ৰেহাই কিমান হ’ব ?
@\underline{Solution}:@
ধৰা হ’ল, চাৰ্টটোৰ ছপামূল্য = @x@ টকা
@\therefore@ প্ৰথম ৰেহাই দিয়াৰ পিছত চাৰ্টটোৰ ক্ৰয় মূল্য = @x \times \frac{90}{100} = 0.9x@ টকা
@\therefore@ পুনৰ @10\%@ ৰেহাই দিয়াৰ পিছত চাৰ্টটোৰ ক্ৰয় মূল্য = @0.9x \times \frac{90}{100} = 0.81x@ টকা
@\therefore@ পুনৰ @5\%@ ৰেহাই দিয়াৰ পিছত চাৰ্টটোৰ ক্ৰয় মূল্য = @0.81x \times \frac{95}{100} = 0.7695x@ টকা
@\therefore@ মুঠ ৰেহাইৰ পৰিমাণ = @x - 0.7695x = 0.2305x@ টকা
@\therefore@ তিনিওটাৰ সমতুল ৰেহাই = @\frac{0.2305x}{x} \times 100 = 23.05\% @
অনুশীলনী- R-2
@1@ ৰ পৰা @10@ লৈ প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :
1. এখন বৰ্গাকাৰ খেতিপথাৰৰ কালি @10000@ বৰ্গমিটাৰ হ’লে পথাৰখনৰ পৰিসীমা —
(a) @40@ মিটাৰ
(b) @100@ মিটাৰ
(c) @200@ মিটাৰ
(d) @400@ মিটাৰ
@\text{উ:} 400@ মিটাৰ
2. আয়তাকাৰ চোতাল এখনৰ দীঘ @30@ মিটাৰ আৰু কালি @600@ বৰ্গমিটাৰ হ’লে চোতালখনৰ পৰিসীমা —
(a) @110@ মিটাৰ
(b) @115@ মিটাৰ
(c) @100@ মিটাৰ
(d) @125@ মিটাৰ
@\text{উ:} 100@ মিটাৰ
3. @9@ চে.মি. বাহুবিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ @3@ চে.মি. হ’লে আয়তটোৰ পৰিসীমা —
(a) @56@ চে.মি.
(b) @60@ চে.মি.
(c) @63@ চে.মি.
(d) @65@ চে.মি.
@\text{উ:} 60@ চে.মি.
4. এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজাকৃতিৰ এখন আয়নাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখ ক্ৰমে @120@ চে.মি. আৰু @80@ চে.মি. হ’লে ত্ৰিভুজটোৰ কালিৰ জোখ হ’ব —
(a) @4600@ বৰ্গ চে.মি.
(b) @4800@ বৰ্গ চে.মি.
(c) @4850@ বৰ্গ চে.মি.
(d) @4900@ বৰ্গ চে.মি.
@\text{উ:} 4800@ বৰ্গ চে.মি.
5. এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ জোখ ক্ৰমে @48@ বৰ্গ চে.মি. আৰু @8@ চে.মি. হ’লে, বাহুটোৰ অনুৰূপ উচ্চতাৰ জোখ ক্ৰমে -
(a) @11@ চে.মি.
(b) @12@ চে.মি.
(c) @13@ চে.মি.
(d) @14@ চে.মি.
@\text{উ:} 12@ চে.মি.
6. এটা সমবাহু ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ জোখ যথাক্ৰমে @1256@ বৰ্গ মি.মি. আৰু @31.4@ মি.মি. হ’লে, সেই ভূমিৰ জোখ -
(a) @80@ মি.মি.
(b) @45@ মি.মি.
(c) @50@ মি.মি.
(d) @35@ মি.মি.
@\text{উ:} 80@ মি.মি.
7. @10@ চে.মি. ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ -
(a) @30.4@ চে.মি.
(b) @30.14@ চে.মি.
(c) @31.4@ চে.মি.
(d) @30.01@ চে.মি.
@\text{উ:} 31.4@ চে.মি.
8. বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ @176@ মি. হ’লে চোতালখনৰ কালি -
(a) @2461@ বৰ্গ মি.
(b) @2744@ বৰ্গ মি.
(c) @2664@ বৰ্গ মি.
(d) @2464@ বৰ্গ মি.
@\text{উ:} 2464@ বৰ্গ মি.
9. এখন বৃত্তাকাৰ পিৰিছৰ কালি @38.5@ বৰ্গ চে.মি. হ’লে পিৰিছখনৰ ব্যাস -
(a) @5@ চে.মি.
(b) @6@ চে.মি.
(c) @7@ চে.মি.
(d) @8@ চে.মি.
@\text{উ:} 7@ চে.মি.
10. এখন কাঁহীৰ কালি @616@ বৰ্গ চে.মি. হ’লে, কাঁহীখনৰ পৰিসীমা -
(a) @88@ চে.মি.
(b) @89@ চে.মি.
(c) @88@ চে.মি.
(d) @90@ চে.মি.
@\text{উ:} 88@ চে.মি.
11. এটা আয়তৰ পৰিসীমা @120@ চে.মি. আৰু দীঘ @40@ চে.মি. হ’লে, আয়তটোৰ কালি উলিওৱা -
@\underline{Solution:}@
দিয়া আছে,
আয়তৰ পৰিসীমা = @120@ চে.মি.
আয়তৰ দীঘ = @40@ চে.মি.
@\therefore@ আয়তটোৰ প্ৰস্থ = @\frac{\cancel{120}^60}{\cancel{2}} - 40@ চে.মি. @= 60 - 40@ চে.মি. @= 20@ চে.মি.
@\therefore@ আয়তটোৰ কালি = @40 \times 20@ বৰ্গ চে.মি. @= 800@ বৰ্গ চে.মি.
12. কোঠা এটাৰ এখন বেৰৰ জোখ @4.5@ মিটাৰ @\times 3.6@ মিটাৰ আৰু @2@ মি. @\times 1@ মি. জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা আছে। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ উলিওৱা।
@\underline{Solution:}@
বেৰখনৰ কালি @ = 4.5 \times 3.6 = 16.2 @ বৰ্গ মিটাৰ
দুৱাৰৰ কালি @ = 2 \times 1 = 2 @ বৰ্গ মিটাৰ
ৰং লগাবৰ বাবে এৰি থোৱা বেৰখনৰ কালি @ = 16.2 - 2 = 14.2 @ বৰ্গ মিটাৰ
13. এডাল তাঁৰেৰে @10@ চে.মি. বাহুবিশিষ্ট বৰ্গ এটি বনোৱা হ’ল । যদি তাঁৰডালেৰে এটা আয়ত বনোৱা হয় যাৰ দীঘ 12 চে.মি., তেন্তে আয়তটোৰ প্ৰস্থ কিমান? কোনটো ক্ষেত্ৰৰ কালি অধিক ? বৰ্গৰ নে আয়তৰ?
@\underline{Solution:}@
@\therefore@ দুয়োটা ক্ষেত্ৰৰ একে জোখৰ তাৰেৰে বনোৱা হৈছে, সেয়েহে দুয়োটা ক্ষেত্ৰৰে পৰিসীমা সমান।
@ \begin{align*} \therefore & 4 \times 10 & = 2(12 + x) \\ & 40 & = 24 + 2x \\ & 2x & = 40 - 24 \\ & 2x & = 16 \\ & x & = \frac{16}{2} = 8 \\ \end{align*} @
@\therefore@ বৰ্গৰ কালি = @10 \times 10 = 100@ বৰ্গ চে.মি. আৰু আয়তৰ কালি = @12 \times 8 = 96@ বৰ্গ চে.মি.
@\therefore@ বৰ্গৰ কালি অধিক।
14. কাষৰ চিত্ৰত @\text{ABCD}@ এটা সামান্তৰিক । @\text{AB}@ আৰু @\text{BC}@ ৰ জোখ ক্ৰমে @6@ চে.মি. আৰু @4@ চে.মি.। @\text{AD}@ ভূমি সাপেক্ষে উচ্চতা @\text{BF}@ ৰ জোখ @4.9@ চে.মি. হ’লে @\text{AB}@ ভূমি সাপেক্ষে উচ্চতা @\text{DE}@ ৰ জোখ উলিওৱা ।
@\underline{Solution:}@
@\text{BC}@ ভূমি আৰু @\text{BF}@ উচ্চতা সাপেক্ষে সামান্তৰিকটোৰ কালি @ = BC \times BF @
@ = 4 \times 4.9 = 19.6 @ বৰ্গ চে.মি.
@\therefore 6 \times DE = 19.6 @ @\quad[@একে সামান্তৰিকৰ কালি@]@
@ \therefore DE = \frac{19.6}{6} = 3.27 @ চে.মি. (প্ৰায়)
15. @\triangle ABC@ ৰ কালি @30@ বৰ্গ চে.মি. আৰু @\text{BC}@ ভূমি সাপেক্ষে উচ্চতা @\text{AD}@ ৰ জোখ @10@ চে.মি. হলে, @\text{BC}@ ৰ জোখ উলিওৱা ।
@\underline{Solution:}@
দিয়া আছে,
@\triangle ABC@ ৰ কালি @= 30@ বৰ্গ চে:মি:
আৰু উচ্চতা @AD = 10@ চে:মি:
এতিয়া,
@\frac{1}{2} \times AD \times BC =@ কালি @(\triangle ABC)@
@\frac{1}{2} \times 10 \times BC = 30@
@5 \times BC = 30@
@BC = \frac{30}{5}@
@BC = 6@ চে:মি:
@\therefore \triangle ABC@ ৰ ভূমি @BC = 6@ চে:মি:
16. @\triangle PQR@ ৰ @QR@ আৰু @PR@ ৰ জোখ ক্ৰমে @4@ চে:মি: আৰু @8@ চে:মি:। @QR@ ভূমি সাপেক্ষে উচ্চতা @PL@ ৰ জোখ @5@ চে:মি: হ’লে, @PR@ ভূমি সাপেক্ষে উচ্চতা @QM@ ৰ জোখ উলিওৱা ।
@\underline{Solution:}@
প্ৰশ্নমতে,
@\triangle PQR@ ৰ @QR = 4@ চে:মি: @PR = 8@ চে:মি: @PL = 5@ চে:মি:
@QR@ ভূমি আৰু @PL@ উচ্চতা সাপেক্ষে, @\triangle PQR@ ৰ কালি
এতিয়া
@\therefore QM = 2.5\;cm@
17. @\triangle{ABC}@ ৰ @BC@ ভূমি সাপেক্ষে উচ্চতা @AD@ ৰ জোখ @4@ চে:মি:। @P@, @BC@ ৰ এটা বিন্দু যাতে @BP = 3@ চে:মি: আৰু @\triangle{ABP}@ ৰ কালি = @\triangle{APC}@ ৰ কালি। @PC@ ৰ জোখ উলিওৱা ।
@\underline{Solution}:@
দিয়া আছে -
@BP = 3 \text{চে:মি:}, AD = 4 \text{চে:মি:}@
আৰু @\triangle ABP@ ৰ কালি = @\triangle APC@ ৰ কালি
@\therefore PC = 3@ চে:মি:
18. এখন অৰ্দ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্দ্ধৰ জোখ @10@ মি: হ’লে, বাগিচাখনৰ কালি নিৰ্ণয় কৰা।
@\underline{Solution}:@
দিয়া আছে,
অৰ্দ্ধবৃত্তাকাৰ বাগিচাখনৰ ব্যাসাৰ্দ্ধৰ জোখ @r = 10@ মি:
19. @4@ চে:মি: ব্যাসার্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা @3@ চে:মি: ব্যাসার্ধৰ বৃত্ত এটা কাটি পেলোৱা হ’ল। টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি উলিওৱা ।
@\underline{Solution}:@
বহি:বৃত্তটোৰ কালি = @\pi r^2 = 3.14 \times 4^2 = 50.24@ বৰ্গ:চে:মি:
ভিতৰৰ:বৃত্তটোৰ কালি = @\pi r^2 = 3.14 \times 3^2 = 28.26@ বৰ্গ:চে:মি:
20. @44@ চে:মি: দৈৰ্ঘ্যৰ তাঁৰ এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ’ল । বৃত্তটোৰ ব্যাসাৰ্দ্ধ কিমান ?
@\underline{Solution}:@
দিয়া আছে,
তাঁৰডালৰ দৈৰ্ঘ্য = @44@ চে:মি:
@\therefore@ এই তাঁৰেৰে বনোৱা বৃত্তটোৰ পৰিধি = @44@ চে:মি:
অৰ্থাৎ,
@\therefore@ বৃত্তটোৰ ব্যাসাৰ্দ্ধ = @7@ চে:মি:
21. ঘড়ী এটাৰ মিনিটৰ কাঁটা ডালৰ দৈৰ্ঘ্য @20@ মিলিমিটাৰ । আধাঘণ্টাত মিনিটৰ কাঁটা ডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব ?
@\underline{Solution}:@
দিয়া আছে, ঘড়ীৰ মিনিটৰ কাঁটা ডালৰ দৈৰ্ঘ্য অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্দ্ধ @r = 20@ মিলিমিটাৰ
আমি জানো, ঘড়ীৰ মিনিটৰ কাঁটা ডালৰ আগটোৱে @1@ ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব = বৃত্তটোৰ পৰিধি
@\therefore@ আধাঘণ্টাত মিনিটৰ কাঁটা ডালৰ আগটোৱে অতিক্ৰম কৰা দূৰত্ব = বৃত্তটোৰ পৰিধিৰ আধা ।
অৰ্থাৎ,
22. @100@ মিটাৰ বাহুবিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ ভিতৰফালে চৌহদৰ কাষে কাষে @5@ মিটাৰ বহল এটা ৰাস্তা ৰখা আছে । ৰাস্তাটোৰ কালি উলিওৱা ।
@\underline{Solution}:@
23. @180@ মিটাৰ দৈৰ্ঘ্য আৰু @120@ মিটাৰ প্রস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে @6@ মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে। ৰাস্তাটোৰ কালি উলিওৱা ।
@\underline{Solution}:@
ৰাস্তাৰ সৈতে পথাৰখনৰ মুঠ কালি = @192 \times 132 = 25344@ বৰ্গ:মিটাৰ
পথাৰখনৰ মুঠ কালি = @180 \times 120 = 21600@ বৰ্গ:মিটাৰ
@\therefore@ ৰাস্তাটোৰ কালি = @25344 - 21600 = 3744@ বৰ্গ:মিটাৰ
24. তলৰ চিত্ৰত ছাঁ দিয়া অংশৰ কালি উলিওৱা ।
@\underline{Solution}:@
চিত্ৰ অনুসৰি -
@ \begin{align*} \text{ABCD ৰ কালি} & = 7 \; \text{চে:মি:} \times 3 \; \text{চে:মি:} \\ & = 21 \; \text{বৰ্গ: চে:মি:} \end{align*} @
@ \begin{align*} \text{দুয়োটা ত্ৰিভুজৰ কালি} & = (\frac{1}{\cancel{2}} \times \cancel{2}^1 \times 3) + (\frac{1}{\cancel{2}} \times 3 \times \cancel{4}^2) \\ & = 3 + 6 \\ & = 9 \; \text{বৰ্গ: চে:মি:} \end{align*} @
@\therefore \text{ছাঁ দিয়া অংশৰ কালি} = 21 - 9 = 12 \; \text{বৰ্গ: চে:মি:}@
25. তলৰ চতুৰ্ভুজটোৰ কালি উলিওৱা ।
@\underline{Solution}:@
চিত্ৰ অনুসৰি,
